Home অন্যান্য খবৰনগাঁৱত বিশ্ব মানসিক স্বাস্থ্য দিৱস পালন

নগাঁৱত বিশ্ব মানসিক স্বাস্থ্য দিৱস পালন

by News Desk
A+A-
Reset
mental health

newsnextoneনগাঁওঃ নগাঁও জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আৰু নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰী আৰু গ্ৰাম বিকাশ পৰিষদৰ সহযোগত আজি দিনজোৰা কাৰ্যসূচীৰে নগাঁৱত বিশ্ব মানসিক স্বাস্থ্য দিৱস উদযাপন কৰা হয়। এই উপলক্ষে এলফিনিষ্টন বিবাহ ভৱন প্ৰেক্ষাগৃহত এখন সভা অনুষ্ঠিত হয়। জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ অতুল পাটৰে আদৰনি ভাষণেৰে শুভাৰম্ভ কৰা অনুষ্ঠানত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ মনোৰোগ বিশেষজ্ঞ ডাঃ অজিত গোস্বামীয়ে বিভিন্ন প্ৰকাৰে মানুহ হীনমান্যতাত ভূগিব পাৰে বুলি উল্লেখ কৰি জনসাধাৰণ সতৰ্ক হ’লে ইয়াৰ প্ৰতিকাৰ হয় বুলি মতপ্ৰকাশ কৰে। 

এই অনুষ্ঠানত গুৱাহাটী মেডিকেল কলেজৰ মনোৰোগ বিভাগৰ সহযোগী অধ্যাপিকা ডাঃ দীপাঞ্জলি মেধিয়ে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি মানসিক ৰোগীসকল সাধাৰণ মানুহৰ দৰে জীয়াই থকাৰ অধিকাৰ আছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই ক্ষেত্ৰত আইনী প্ৰক্ৰিয়াও আছে। আইনৰ বিভিন্ন ধাৰা সম্পৰ্কত তেওঁ বিস্তৃত ব্যাখ্যা দাঙি ধৰাৰ লগতে সকলো জনসাধাৰণ আইনৰ কাষ চাপিব পাৰে বুলিও উল্লেখ কৰে। এই অনুষ্ঠানত উপস্থিত থাকি জিলা আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধি, নগাঁও জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ সচিব প্ৰণিতা মৰাঙ, অতিৰিক্ত উপায়ুক্ত জয়ন্ত বৰা, অধিবক্তা শ্বাহনাজ চুলতানাই মানসিক ৰোগীসকলৰ উৎকৰ্ষ সাধন সম্পৰ্কত ভাষণ প্ৰদান কৰে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0