ডিজিটেল ডেস্কঃ সমগ্ৰ দেশতে প্ৰতিদিনে পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই ৪১০জনকৈ লোকে৷ ২০১৬ চনৰ এই পৰিসংখ্যাই পূৰ্বৰ বছৰতো বাদেই, একেবাৰে যোৱা ৪৬ বছৰৰ সকলো সীমা অতিক্ৰম কৰিছে৷ ২০১৫ চনত প্ৰতিদিনে পথ দুৰ্ঘটনাত নিহত হৈছিল ৪০০ জনকৈ লোক৷
টাইমছ অব ইণ্ডিয়াৰ এটি বাতৰিত প্ৰকাশ পাইছে এই তথ্য৷ বাতৰিটোত কোৱা হৈছে যে পথ দুৰ্ঘটনাত মৃত্যুৰ হাৰে ২০১৬ বৰ্ষত অভিলেখ সৃষ্টি কৰিছে৷ বিগত বৰ্ষত সমগ্ৰ দেশতে পথ দুৰ্ঘটনাৰ বলি হৈছে ডেৰ লক্ষাধিক লোক৷ ২০১৫ বৰ্ষত এই সংখ্যা আছিল ১.৪৬ লাখ৷ মিজোৰাম, চণ্ডীগড়, দমন আৰু ডিউ, দাদৰা নগৰ হাভেলীৰ বাদে দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পথ দুৰ্ঘটনাত নিহত আৰু আহতসকলৰ উক্ত তথ্য বাতৰিটোত উল্লেখ কৰা হৈছে৷