102
ডিজিটেল ডেস্কঃ যিসময়ত চিকিৎসালয়ত তেজৰ বাবে ৰোগীয়ে আৰ্তনাদ কৰিবলগীয়া হৈছে সেই সময়তে প্ৰায় ৬ লাখ লিটাৰ তেজ উটি গ’ল নৰ্দমাত৷ বছৰি প্ৰায় লক্ষাধিক লিটাৰ তেজ মিলি যায় আৱৰ্জনাৰ লগত৷
নেশ্যনেল এইডছ কন্ট্ৰ’ল অৰ্গেনাইজেশ্যনে (এন এ চি অ) প্ৰকাশ কৰিছে এই ভয়ংকৰ তথ্য৷ চেতন কোঠাৰী নামৰ এজন ব্যাক্তিয়ে তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে কৰা এক আবেদনৰ ভিত্তিত এন এ চি অ’য়ে প্ৰকাশ কৰিছে এই উদ্বেগজনক তথ্য৷