ডিব্ৰুগড়ঃ ছচিয়েল মিডিয়াত হিংসা-হত্যা-বিদ্বেষমূলক মন্তব্য কৰি অলপতে এজনে জেলৰ ভাত খাবলগা হোৱাৰ পিছতো বাক স্বাধীনতাৰ সদব্যৱহাৰ কৰিব শিকা নাই এচামে। বিভিন্ন জাতি-জনগোষ্ঠী তথা ধর্মালম্বী লোকৰ পৰিপূর্ণ এইখন অসমক গোষ্ঠী সংঘর্ষৰ দৰে ষড়যন্ত্রত লিপ্ত হৈছে বহিৰাগত অনা অসমীয়াই।
ইয়াতে সীমাবদ্ধ নাথাকি ফেচবুকৰ দৰে ছচিয়েল মিডিয়াত কোনো ধর্ম অথবা জনগোষ্ঠীক তাচ্ছিল্যসূচক মন্তব্য কৰাত ব্যস্ত হৈ পৰিছে এইসকল অনা-অসমীয়া। কিছুদিনৰ পূর্বে জনপ্রিয় শিল্পী জুবিন গার্গক ফেচবুকত পিষ্টলেৰে গুলীয়াই হত্যা কৰাৰ ভাবুকি দিয়াৰ ঘটনা মাৰ নৌযাওতে শেহতীয়াকৈ সোণোৱাল কছাৰী জনগোষ্ঠীক লক্ষ্য কৰি ফেচবুকত তাচ্ছিল্যসূচক মন্তব্য প্রদান কৰিছে এজন অনা অসমীয়াই।