Home ভাইৰেলনিজৰ মনোকামনা পূৰনৰ স্বাৰ্থত দেৱী দূৰ্গাৰ চৰনত শিশুবলি

নিজৰ মনোকামনা পূৰনৰ স্বাৰ্থত দেৱী দূৰ্গাৰ চৰনত শিশুবলি

by News Desk
94 views
A+A-
Reset

ডিজিটেল ডেক্স,ভূৱনেশ্বৰঃ নিজৰ মনোকামনা পূৰন হোৱা উদ্দেশ্যৰে এটি ৯ বছৰীয়া শিশুক দেৱী দূৰ্গাৰ নামত বলি দিয়া হ’ল৷ উল্লেখযোগ্য যে উৰিষ্যাৰ বলাঙ্গীৰ জিলাত যোৱা সপ্তাহত আৰক্ষীয়ে এটা শিশুৰ মুণ্ডহীন মৃতদেহ উদ্ধাৰ কৰিছিল৷ প্ৰাথমিক তদন্তৰ অন্তত আৰক্ষীয়ে দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে আৰু ঘটনাটোক নৰবলিৰ ঘটনা বুলি ঘোষনা কৰে৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ লোকদুজনৰ এজন হত্যাৰ বলি হোৱা শিশুটিৰ ককায়েক আৰু আনজন শিশুটিৰ খূড়ায়েক৷
উৰিষ্যাৰ টিটলাগড়ৰ আৰক্ষী অধীক্ষক সৰোজ মহাপাত্ৰই কয় যে অভিযুক্ত দুজনে তেঁওলোকৰ মনোকামনা পূৰনৰ উদ্দেশ্যৰে দেৱী দূৰ্গাৰ চৰনত এই ৯ বছৰীয়া শিশুটিক বলি দিছিল৷ তেঁও আৰু কয় যে ঘটনাটো অধ্যায়ন কৰিয়েই আমি নিশ্চিত আছিলোঁ যে এইটো নৰবলিৰ ঘটনাই হ’ব আৰু প্ৰাথমিক জেৰাতেই দুয়োজন অভিযুক্তই নিজৰ দোষ স্বীকাৰ কৰিছে আৰু তেঁওলোকৰ মনোকামনা পূৰনৰ বাবে যে এই কনমানি অবোধ শিশুটিক দূৰ্গা দেৱীৰ চৰনত বলি দিছিল এই কথা স্বীকাৰ কৰিছে৷


আৰক্ষী অধীক্ষকজনে প্ৰকাশ কৰা মতে ঘটনাটো যোৱা ১৩ অক্টোবৰৰ দিনা উৰিষ্যাৰ বলাঙ্গীৰ জিলাৰ ছিন্ধেকেলা আৰক্ষী চকীৰ অন্তৰ্গত সুন্ধিমুন্দা গাঁওত ঘটিছিল৷ ঘনশ্যাম ৰানা নামৰ ৯ বছৰীয়া শিশুটি যোৱা ১৩ অক্টোবৰৰ পৰা নিৰুদ্দেশ হৈ থকা কাৰনে শিশুটিৰ পৰিয়ালৰ লোকে যোৱা ১৪ অক্টোবৰৰ দিনা ছিন্ধেকেলা আৰক্ষী চকীত অভিযোগ দাখিল কৰিছিল৷ ঘটনাৰ অনুসন্ধান কৰি যোৱা ১৮ অক্টোবৰ তাৰিখে সুন্ধিমুন্দা গাঁওখনৰ কাষৰ উণ্ডেই নামৰ নদীখনৰ পাৰৰ বালিত পুতি থোৱা অৱস্থাত আৰক্ষীয়ে নিহত শিশুটিৰ মুণ্ডহীন মৃতদেহতো উদ্ধাৰ কৰে আৰু উক্ত স্থানৰ সমীপতেই শিশুটিৰ মুৰটোও উদ্ধাৰ কৰে৷ এই ঘটনাটোত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুয়োজন অভিযুক্ত ক্ৰমে কুঞ্জ ৰানা আৰু শুভবন ৰানা হত্যাৰ বলি হোৱা ৯ বছৰীয়া শিশু ঘনশ্যাম ৰানাৰ ককায়েক আৰু খূড়ায়েক আছিল৷ 
ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে হত্যাকাণ্ডতোত ব্যৱহাৰ হোৱা চুৰি আৰু মটৰচাইকেলখন উদ্ধাৰ কৰিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0