45
কলকাতাঃ ১৪ নৱেম্বৰ। দিনটো সকলোৰে বাবে পৰিচিত। কাৰণ এই দিনটো সমগ্ৰ দেশতে পালন কৰা হয় শিশু দিৱস হিচাপে। পিছে এই দিনটোৱে বংগৰ কাৰণে বিশেষ তাৎপৰ্য বহন কৰিছে।
কেইবছৰমানৰ আগৰ কথা। আইনী যুঁজখন লাগিছিল বংগ আৰু ওড়িষাৰ মাজত, সকলোৰে প্ৰিয় ৰসগোল্লক লৈ। ৰলগোল্লাৰ প্ৰথম প্ৰস্তুতকাৰী কোন? বংগ নে ওড়িষা? সেই আইনী যুঁজত জয়ী হৈছিল বংগ, দিনটো আছিল যোৱা বছৰৰ ১৪ নৱেম্বৰ।