110
নগাঁওঃ নগাঁও জিলাৰ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত দেওবাৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট লেখিকা নিৰলা শইকীয়া দাসৰ ‘হিয়াৰ ফুলবোৰ’ নামৰ এখনি কাব্যগ্ৰন্থ উন্মোচন হয়।
নগাঁও জিলা সাহিত্য সভাৰ একালৰ সভাপতি তথা প্ৰবীণ লেখক ৰতিমোহন লাথৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিত গ্ৰন্থখনি উন্মোচন কৰি কবি পৰাণ কুমাৰ বৰুৱাই কবিতাই মানুহৰ হৃদয়ত নতুন প্ৰাণৰ সঞ্চাৰ কৰাৰ উপৰি সৃষ্টিশীল মন-মানসিকতাক উৰ্বৰতা প্ৰদান কৰে বুলি মন্তব্য দাঙি ধৰে৷