68
বেংগালুৰুঃ কেন্দ্ৰীয় মন্ত্ৰী আনন্থ কুমাৰে সোমবাৰে পুৱতি নিশা প্ৰায় দুই বজাত বেংগালুৰুৰ এখন হাস্পতালত ইহ সংসাৰ ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৯ বছৰ।
মোডী মন্ত্ৰীসভাত কেমিকেল আৰু ফাৰ্টিলাইজাৰ তথা সংসদীয় পৰিক্ৰমা দপ্তৰৰ গুৰুত্বপূৰ্ণ দায়িত্বত থকা কুমাৰ কৰ্কট ৰোগত ভোগি আছিল আৰু যোৱা মাহত তেওঁ আমেৰিকাত চিকিৎসা কৰি ঘূৰি আহিছিল।