খাৰুপেটীয়াঃ দৰং জিলাৰ দলগাওঁ শিয়ালমাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত ফকিৰ পাৰা গাওঁ পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ উঠিছে। ব্লকটোৰ অন্তৰ্গত একাংশ পঞ্চায়তত ইন্দিৰা আবাস যোজনা এম জি এনৰেগা আচঁনি আদিৰ নামত ব্যাপক দুৰ্নীতিৰ সংঘটিত হৈ থকাৰ মাজতেই ফকিৰ পাৰা গাওঁ পঞ্চায়তত সংঘটিত হৈছে কবৰস্থানৰ দেৱাল নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি।
উক্ত দুৰ্নীতৰ বিৰুদ্ধে যোৱা এক মাৰ্চত ৰাইজে দৰং জিলা পৰিষদৰ মূৰ্খ্য কাৰ্যবাহী বিষয়াক এখনি লিখিত দাখিল কৰিছিল। অভিযোগটোত উল্লেখ থকা মতে পঞ্চায়তটোৰ অন্তৰ্গত ঘেনামাৰী গাঁৱত ৰাজহুৱা কবৰস্থানৰ দেৱাল নিৰ্মাণৰ বাবদ চৈধ্য দফীয়া আঁচনীৰ অধীনত বিভাগীয় কতৃপক্ষই আঠ লাখ টকা আৱন্টন দিয়ে।