নলবাৰীঃ শুকুৰবাৰে দিনৰ ১০ বজাত নলবাৰী জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয় প্ৰংগণত প্ৰাক্তন ছাত্ৰ নেতা অমিয় বৰ্মনৰ শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হয় ৷ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন ক্ৰীড়া সম্পাদক, অসম উন্নতি সভাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি, সম্পাদক অমিয় বৰ্মনৰ কালি দেহাৱসান হয়।
নলবাৰী আঞ্চলিক ছাত্ৰ সন্থা, নলবাৰী জিলা ছাত্ৰ সন্থা আৰু পাছত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন ক্ৰীড়া সম্পাদক, সম্প্রতি অসম উন্নতি সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক, নলবাৰীৰ ঐতিহ্যমণ্ডিত শ্রীশ্রী হৰি মন্দিৰৰ আজীৱন সভ্য, নলবাৰী জিলা সাহিত্য সভাকে ধৰি সমাজৰ বহু অনুষ্ঠানৰ লগত জড়িত আছিল।