নগাঁওঃ উন্মোচিত হ’ল বহু বল্কী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিয়াগোম স্বাস্থ্য বিভাগৰ এখন পয়ালগা ছবি । চিকিৎসালয়ৰ শৌচাগাৰৰ টেংকিত দমে দমে উদ্ধাৰ হল চৰকাৰী বিনামূলীয়া ঔষধ । চাঞ্চল্যকৰ এই ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত জাজৰি ৰাজ্যিক চিকিৎসালয়ত ৷ চিকিৎসালয়ৰ শৌচাগাৰ টেংকিত দমে দমে ওলাল বিনামূলীয়া ঔষধ ।
যি সময়ত পৰিবৰ্তনকামী চৰকাৰে ৰাজ্যৰ চৰকাৰী চিকিৎসালয়ৰ উন্নয়নৰ ঢাক-ঢোল বজাই আহিছে,ঠিক সেই সময়তে নগাঁৱৰ এই চিকিৎসালয়খনে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ উন্নয়নৰ ফোপোলা স্বৰূপটো স্পষ্টৰূপত উদঙাই দিছে। দৰিদ্ৰ ৰোগীক বঞ্চিত কৰি শৌচালয়ৰ টেংকিত পেলাই দিছে চৰকাৰী ঔষধ ৷ তদুপৰি চিকিৎসালয়খনত উপস্থিত নাথাকে চৰকাৰী চিকিৎসক৷ যাৰ বাবে শুকুৰবাৰে পুৱাই উত্তপ্ত হৈ পৰিল জাজৰি ৰাজ্যিক চিকিৎসালয় চৌহদ ৷ চিকিৎসালয়ৰ মূল প্ৰৱেশদ্বাৰত ক্ষুব্ধ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি ওলমালে তলা ৷