Home অন্যান্য খবৰডিফুত তীব্ৰবেগী ৱেগেনাৰে খুন্দিয়াই প্ৰাণ ললে এজনৰ

ডিফুত তীব্ৰবেগী ৱেগেনাৰে খুন্দিয়াই প্ৰাণ ললে এজনৰ

by News Desk
A+A-
Reset
car

ডিফুঃ শণিবাৰে নিশা ডিফুত তীব্ৰবেগী ৱাগেনাৰৰ খুন্দাত প্ৰাণ গ’ল এজন মাংস ব্যৱসায়ীৰ ৷  ব্যৱসায়ী গৰাকীৰ অকাল মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷ মৃত ব্যৱসায়ী গৰাকীৰ কণিষ্ঠ ভাতৃয়ে আৰক্ষীক দিয়া এজাহাৰৰ মতে যোৱা নিশা তেওঁৰ জ্যেষ্ঠ ভাতৃ বনচিং ৰংফাৰে নিশা ৰংখেলানত থকা দোকান বন্ধ কৰি প্ৰায় ১০-২০ বজাত  ৰংথিয়াং স্থিত নিজ গৃহাভিমূখে গৈ থকা অৱস্থাত একে দিশে মাঞ্জা ফালৰ পৰা ডিফু অভিমূখে আহি থকা ৰূপালী AS 09E 0945 ৰঙৰ ৱাগেনাৰ গাড়ীখনে তীব্ৰবেগে আৰু অসাৱধানতাৰে পদ পথেৰে গৈ থকা বনচিং ৰংফাৰক খুন্দিয়াই আহত কৰে ৷ জানিব পৰা মতে গাড়ীখনৰ দুৰ্ঘটনাতো সংঘটিত কৰি দূৰ্ঘটনাগ্ৰস্থ গাড়ীখন এৰি ঘটনাস্থলীৰ পৰা পলায়ণ কৰে ৷  

গুৰুতৰ ভাবে আহত ৰংফাৰক ডিফু চিভিল হাস্পাতালত চিকিৎসাৰ বাবে নিয়া হয় যদিও বনচিং ৰংফাৰৰ মৃত্যু হয় ৷ মৃত বনচিং ৰংফাৰৰ প্ৰকৃত ঘৰ ডকমকাৰ কিৰি গাঁৱত ৷ দূৰ্ঘটনাগ্ৰস্থ গাড়ীখন বৰ্তমান আৰক্ষীৰ জিম্মাত যদিও আৰক্ষীয়ে চালকৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0