73

মৰিয়নিঃ মৰিয়নীৰ অসম গ্ৰামীণ বিকাশ বেংকৰ লাহিং শাখাত চলিছে বৃহৎ টকাৰ জালিয়াতি। জাল চহীৰে হৰলুকী হৈছে লক্ষাধিক টকাৰ। এই বেংকৰ ঘৰফলিয়া গ্ৰাহক সেৱা কেন্দ্ৰৰ সমন্বয়ক প্ৰণৱ জ্যোতি বৰা নামৰ লোক জনে বেংকৰ মেনেজাৰ বাপি ৰয়ৰ সহায়ত জাল চহী কৰি টকা উলিয়াই আহিছে। এই কাৰ্যত অসম গ্ৰামীণ বিকাশ বেংকৰ লাহিং শাখাৰ পৰিচালক জড়িত থকাৰ অভিযোগ কৰিছে ভুক্তভোগী গ্ৰাহকে।