119
নতুন দিল্লীঃ সংবাদ মাধ্যমে কোনোধৰণে যৌন নিগ্রহ বা তেনে ঘটনাত আক্রান্তসকলৰ নাম প্রকাশ কৰিব নোৱাৰিব বুলি স্পষ্ট কৰি দিলে উচ্চতম ন্যায়ালয়ে।
সংবাদ মাধ্যম বা আইন প্রয়োগকাৰী সংস্থাসমূহক যৌন নির্যাতিতাৰ নাম প্রকাশ কৰিব পৰা নাযাব বুলি নির্দেশ দি এই বিষয়ত কেইবাটাও নির্দেশনা জাৰি কৰিছে শীর্ষ আদালতখনে। নির্দেশনাত এই বুলিও কোৱা হৈছে যে, আক্রান্তসকলৰ নাম জনসমাৱেশ বা ছ’চিয়েল মিডিয়াৰ প্লেটফর্মতো ব্যৱহাৰ কৰিব নোৱাৰিব।