104
নতুন দিল্লীঃ ইতিহাসৰ পঢ়ুৱৈয়ে চলাব দেশৰ সৰ্বোচ্চ বিত্তীয় প্ৰতিষ্ঠান! ভাৰতীয় ৰিৰ্জাভ বেংকৰ ২৫ সংখ্যক গৱৰ্নৰ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰা শক্তিকান্ত দাস অৰ্থনীতি বিজ্ঞানত নহয়, ইতিহাসতহে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে।
ৰঘুৰাম ৰাজন আৰু উৰ্জিৎ পেটেলৰ দৰে অৰ্থনীতিবিদৰ পূৰ্বে কেন্দ্ৰীয় বেংকটোৰ দায়িত্বভাৰ লোৱা আই এ এছ বিষয়া আছিল ডি চুব্বাৰাও। অৱশ্যে ডি চুব্বাৰাও আই এছ বিষয়া হ’লেও তেওঁ অৰ্থশাস্ত্ৰৰ ছাত্ৰ আছিল৷