139
ছিলংঃ তেৰজন শ্ৰমিক আবদ্ধ হৈ পৰা মেঘালয়ৰ পূব জয়ন্তী পাহাৰৰ অবৈধ কয়লা খনিৰ স্বতাধীকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। জাৰিণ চুলেট নামৰ লোকজনক নাৰৱান গাঁওৰ বাসগৃহৰপৰা শুকুৰবাৰে নিশা গ্ৰেপ্তাৰ কৰা হয়। তেওঁৰ লগৰীয়াজন পলাতক হৈ আছে।
উল্লেখ্য যে বৃহস্পতিবাৰে কয়লা খনিটোত পানী সোমাই যোৱাত ১৩ জন শ্ৰমিক গভীৰ কয়লাখনিত আবদ্ধ হৈ পৰে। আৰক্ষীয়ে জনোৱাৰ মতে প্ৰায় তিনি দিনৰ আগত লিটিয়ন নদীৰ ওচৰত এই কয়লা খনন কাৰ্য আৰম্ভ হৈছিল।