নাগ্ৰীজুলিঃ বৃহস্পতিবাৰে কাহিলীপুৱাতে অহা এক প্ৰচণ্ড ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰে বাক্সা জিলাৰ তামুলপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত তথা লতিবাৰী অঞ্চলৰ বৰিমখা গাৱস্থিত গুনিয়ালগুৰি প্ৰাথমিক বিদ্যালয়ৰ। ধুমুহাই বিদ্যালয়গৃহৰ মূধচ উৰুৱাই পেলায়।
পৰিণতিস্বৰূপ ব্যাহত হৈছে বিদ্যালয়খনৰ পাঠদান ব্যৱস্থা। তদুপৰি ধুমুহাই নাগ্ৰীজুলি বজাৰস্থিত পাঁচোটাকৈ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ টিনপাত উৰুৱাই নিয়ে। ধুমুহাৰ লগতে বৰষুণো অহাত দোকানৰ ভিতৰত থকা বয়-বস্তুও নষ্ট হোৱা বুলি জানিবলৈ দিছে ব্যৱসায়ীসকলে।