85
গোৰেশ্বৰঃ গ্ৰাম্য কামৰূপ জিলাৰ পাতিদৰং আদৰ্শ আঞ্চলিক হাইস্কুলৰ সহঃ শিক্ষক তথা কমলপুৰৰ হাবেৰীকুৰি গাঁৱৰ ৰত্নৰাম নাথৰ পুত্ৰ পূৰ্ণৰাম নাথে ইতিমধ্যে নতুন দিল্লীস্থ পঞ্চশীল আশ্ৰমত ডঃ অম্বেদকাৰ সেৱাশ্ৰী ৰাষ্ট্ৰীয় বঁটা লাভ কৰি শিক্ষানুষ্ঠানখনৰ লগতে কমলপুৰ এলেকালৈ সুনাম কঢ়িয়াই আনে৷
উল্লেখ্য যে, শিক্ষক নাথক সমাজসেৱা আৰু সাহিত্যৰ বাবে এই বঁটা প্ৰদান কৰে দিল্লীস্থ স্বেচ্ছাসেৱী সংস্থাটোৱে৷ বঁটাত আছে এখন চেলেং চাদৰ, এখন মানপত্ৰ আৰু এটা ট্ৰফী৷