116
ডিফুঃ সঘনাই বন্ধ ঘোষনা কৰা দল-সংগঠনৰ বিৰুদ্ধে এতিয়াৰে পৰা অধিক কঠোৰ হ’ব কাৰ্বি আংলং জিলা প্ৰশাসন৷ আজি সাংবাদিকৰ সৈতে হোৱা এক আলোচনাত এই সিদ্ধান্ত গ্ৰহণ কৰে জিলা প্ৰশাসনে৷
জিলা উপায়ুক্ত আদিল খান, আৰক্ষী অধীক্ষক ভি. শিৱ প্ৰসাদ গা়ঞ্জালাৰ লগতে শীৰ্ষ প্ৰশাসনিক আৰু আৰক্ষী বিষয়াই অংশগ্ৰহণ কৰা সভাখনত বন্ধ সন্দৰ্ভত সাংবাদিকসকলৰ মতামত গ্ৰহণ কৰা হয়৷