জালাহঃ ভোগালী মানেই খোৱাৰ জুতি আৰু এই ভোগালীৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক আছে বাঘমাৰাৰ দৈৰ। ভোগালী বিহুৰ এই সময়ছোৱাত বহুজনে দৈ ক্ৰয় কৰাৰ বাবে ঢাপলি মেলে বৰপেটা জিলাৰ বাঘমাৰা অঞ্চললৈ।
অতীজৰে পৰা ভোগবাদী সমাজৰ মাজত বাঘমাৰাৰ দৈৰ যি সুনাম আছে সেয়া অটুত ৰাখিবলৈ বাঘমাৰাৰ দুগ্ধ ব্যৱসায়ীয়ে আজিও চেষ্টা অব্যাহত ৰাখিছে। তথাপি এচাম অসাধু ব্যৱসায়ীয়ে কেৱল মাত্ৰ ব্যক্তিগত মুনাফাক প্ৰাধান্য দি এই সুনাম নষ্ট কৰিবলৈ আৰম্ভ কৰিছে বুলি ক্ষোভ প্ৰকাশ কৰে বাঘমাৰাৰ এজন সফল গাখীৰ ব্যৱসায়ী যতীন কলিতাই।