কাকপথাৰঃ অসমত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰুদ্ধে মাত মাতি থকাৰ সময়তে অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত বসবাস কৰা মৰাণ, মটক, আহোম, কছাৰী, দেউৰী, আদিবাসী, মিচিং জনগোষ্ঠীকেইটাক স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ প্ৰদানকে আদি কৰি বিভিন্ন সমস্যা সমাধানৰ দাবীত অৰুণাচল প্ৰদেশৰ চাৰিটাকৈ সংগঠন ক্ৰমে UIPFL, UPMOL, ALAYA, COBs ৰ উদ্যোগত সদৌ মৰাণ ছাত্ৰ সন্থা, সদৌ অসম মটক যুৱ ছাত্ৰ-সন্মিলনৰ সহযোগত পুনৰ আজি পূৱা ৫ বজাৰ পৰা ৭২ ঘণ্টা অৰুনাচলৰ লোহিত আৰু নামচাই জিলা বন্ধ আহ্বান কৰাৰ লগতে বন্ধৰ সমৰ্থকে অসম অৰুণাচল সংযোগী ডিৰাক গেট বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷
প্ৰতিবাদকাৰীসকলে ভাৰত চৰকাৰক প্ৰত্যাহ্বান জনাই কয় যে, হিন্দু নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ অনুমোদন জনাই যদি ভাৰতত বিদেশী ৰাষ্ট্ৰৰ হিন্দু নাগৰিকসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব পাৰে তেন্তে অৰুণাচলত বাস কৰা খিলঞ্জীয়াসকলক কিয় অৰুণাচলৰ স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰিব নোৱাৰে বুলি প্ৰশ্ন কৰে ।