বাহকাবাৰীঃ অসম চৰকাৰৰ মীন নীতি ১৯৫৩ (সংশোধীত ২০০৫) অনুসৰি প্ৰাকৃতিক জলাশয়ত মাছৰ সংৰক্ষণ বংশবৃদ্ধি আৰু উৎপাদন বৃদ্ধিৰ বাবে প্ৰজননৰ কালছোৱাৰ লগতে বছৰটোৰ বাবে মাছ ধৰা আৰু জাল আদি ব্যৱহাৰৰ ক্ষেত্ৰত কিছুমান নিষেধাজ্ঞা জাৰি কৰা হৈছে যদিও এইবোৰ কেৱল কাগজে-কলমেহে নিৰ্দ্ধাৰিত হৈ আছে।
১ মেৰ পৰা ১৫ জুলাইলৈ মাছৰ প্ৰজনন ৠতুৰ সময়ত গ্ৰামাঞ্চলৰ বিভিন্ন বিল অথবা নৰ্দমাবোৰ চৰকাৰী নীতি অনুসাৰে লেচি বা মহলদাৰসকলক বিক্ৰী কৰি আহিছে। কিন্তু সেই লেচি বা মহলদাৰসকলে চৰকাৰৰ নীতি নিৰ্দ্দেশনাক জলাঞ্জলি দি কামপুৰ অঞ্চলৰ বগলাজান পঞ্চায়ত এলেকাৰ বিল নৰ্দমাবোৰ মেচিন লগাই পানী সিঁচি মাছৰ বংশ নিঃশেষ কৰা কাৰ্য্যত সচেতন মহলে আশ্চৰ্য প্ৰকাশ কৰিছে। তাৰ বিৰুদ্ধে একাংশ সচেতন লোকে বিভাগীয় মহলত অভিযোগ দাখিল কৰিছে।