অমৰাৱতীঃ অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে ‘আমি দুজন, আমাৰ দুটা’ শ্ল’গানটত বিশ্বাস নকৰে। সেয়াই যেন আজি প্ৰতিয়মান হ’ল। দেশৰ এটা ডাঙৰ সমস্যা হ’ল জনসংখ্যা বিস্ফোৰণ। সেয়ে ভাৰতত কোটি কোটি টকা ব্যয় কৰি পৰিয়াল পৰিকল্পনাৰ আঁচনি ৰূপায়ণ কৰা হৈছে।
কিন্তু ইয়াৰ বিপৰীতে দেশৰ ভিতৰতে এজন আগশাৰীৰ মুখ্যমন্ত্ৰী হিচাপে পৰিচিত চন্দ্ৰবাবু নাইডুৱে ‘পৰিয়াল ব্যৱস্থা’ অক্ষুন্ন ৰাখিবলৈ আৰু ‘ভৱিষ্যত মানৱ সম্পদ’ৰ স্বাৰ্থত দুটাততৈ অধিক সন্তান জন্ম দিবলৈ আহ্বান জনায়।