কামপুৰঃ নগাঁও জিলাৰ কামপুৰ দক্ষিণ চাংচকীত দেওবাৰে অনুষ্ঠিত হোৱা বিশেষভাৱে সক্ষম শিল্পীসকলৰ এক সঙ্গীতানুষ্ঠানত সুৰৰ লহৰ তুলি সকলোকে মুগ্ধ কৰে বিশেষভাৱে সক্ষমসকলে। দক্ষিণ চাংচকী যুৱক সংঘই অনুষ্ঠিত কৰা এই সঙ্গীতানুষ্ঠানত গীত পৰিৱেশন কৰে বিশেষভাৱে সক্ষম শিল্পী মণি হাজৰিকা আৰু ৰিতালী বৰাই।
দুয়োগৰাকী শিল্পীৰ গীতে মন্ত্ৰমুগ্ধ কৰে সঙ্গীতানুষ্ঠানত উপস্থিত সহস্ৰাধিক দৰ্শকক। উল্লেখ যে অসমৰ জনপ্ৰিয় শিল্পীসকলৰ সমানে বিশেষভাৱে সক্ষম শিল্পীসকলক এক মঞ্চ দিয়াৰ প্ৰয়াস কৰিছে দক্ষিণ চাংচকী যুৱক সংঘই।