53
বিশ্বনাথঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৰগাঙত পালন কৰা হয় শ্ৰমিক দিৱস৷ মে দিৱসৰ দিনা বিভিন্ন বাগিচাৰ পৰা অহা শিল্পীসকলে পৰিৱেশন কৰা ঝুমুৰৰ তালে তালে নাচি-বাগি শ্ৰমিকসকলে উদযাপন কৰে এই বিশেষ দিনটো।
চি পি আই(এম এল) আৰু অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘই আজি বৰগাঙৰ বিষ্ণু ৰাভা মঞ্চত পালন কৰে মে’ দিৱস। মিথু ওৰাঙে মে’ দিৱসৰ পতাকা উত্তোলন কৰা অনুষ্ঠানত ৰঞ্জিত কৰ্মকাৰৰ সভাপতিত্বত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়।