56
ডিজিটেল ডেস্কঃ ‘আপনা লাক পেহেনকে ছলো’ বুলি চানি দেউলে লাক্স কজিৰ বিজ্ঞাপনত কোৱা সকলোৱে শুনিছে। সেই বিজ্ঞাপনৰে অনুকৰণেৰে প্ৰিয়ংকা চোপ্ৰাক ট্ৰল কৰা হৈছে ছ’চিয়েল মিডিয়াত।
আচলতে প্ৰিয়ংকাক ঠাট্টা-মস্কৰাৰে টুইটাৰত উপচাই পেলোৱা হৈছে সোমবাৰে ৰাতি নিউয়ৰ্কৰ এক অনুষ্ঠানত মোহময়ী অভিনেত্ৰীগৰাকীয়ে পিন্ধা পোচাকযোৰৰ বাবে। কোৱা হৈছে ‘আপনা বেডশ্বীট পেহেনকে চলো’। ছ’চিয়েল মিডিয়াত ইয়ে বহুতকে মনোৰঞ্জনৰ খোৰাক দিছে৷