46
গুৱাহাটীঃ অশান্ত জৰ্জৰ অৰুণাচল প্ৰদেশত ছয় জনগোষ্ঠীলৈ স্থায়ী বাসিন্দাৰ প্ৰমাণ-পত্ৰ দিবলৈ চৰকাৰে যো-জা কৰাত ক্ষুব্ধ হৈ পৰা প্ৰতিবাদী জনতাক নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া হোৱাত দুজন প্ৰতিবাদকাৰী নিহত হৈছিল।
প্ৰতিবাদত নিহতৰ পৰিয়াললৈ ২০ লাখ টকাকৈ দিয়াৰ লগতে পৰিয়ালৰ এজনক চৰকাৰী চাকৰি দিব বুলি সংবাদমেলত ঘোষণা অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে। গুৰুতৰভাৱে আহতসকলক দিয়া হ’ব ১০ লাখ টকাকৈ।