শুক্লাইঃ যি সময়ত অসমৰ হাজাৰ হাজাৰ শিক্ষিত নিৱনুৱাই চাকৰিৰ পাছে পাছে দৌৰি সৰ্বস্ব হেৰুৱাব লগা হৈছে¸ তেনে এক সন্ধিক্ষণত ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী শুক্লাই আৰু ইয়াৰ আশে পাশে থকা গ্ৰামাঞ্চল সমুহত শ শ শিক্ষিত নিৱনুৱাই চাকৰিৰ আশা ত্যাগ কৰি নিজৰ পতিত মাটিত চাহ খেতি কৰি স্বাৱলম্বীতাৰ পথত অগ্ৰসৰ হোৱৰ লগতে অসমৰ অন্য শিক্ষিত নিৱনুৱা যুৱকসকলৰ আদৰ্শ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।
ওদালগুৰি জিলাৰ হৰিশিঙা ৰাজহ চক্ৰ তথা ভেৰগাঁও মহকুমাৰ অন্তৰ্গত বৃহত্তৰ ডিমাকুছি, আটাৰীখাট, বৰঙাজুলি আদি অঞ্চলত বৃটিছৰ দিনত কেইবাখনো চাহ বাগিচা স্থাপন কৰাৰ লগতে মুষ্টিমেয় দুই এজনে চাহ খেতি আৰম্ভ কৰিছিল যদিও ২০০১ চনমানৰ পৰাহে অঞ্চলটোৰ গ্ৰামাঞ্চল সমুহত ক্ষুদ্ৰ চাহ বাগিচাই বিশেষভাৱে প্ৰসাৰ লাভ কৰে । বৰ্তমানেও বহু নিবনুৱা যুৱকে নিজৰ ঐকান্তিক প্ৰচেষ্টাৰে ক্ষুদ্ৰ বাগিচা স্থাপন কৰিয়েই আছে। অঞ্চলটোৰ শুক্লাই, ৰজাগড়, বাদলাপাৰা, বামুনজুলি, আটাৰীখাট, নাওবান্ধা, শুৱলা, ধৰমজুলি, সোণাজুলি ডিমাকুছি আদি অঞ্চলত সম্প্ৰতি শ শ কৰ্মোদ্যমী যুৱকৰ হাতত কেইবাহাজাৰ ক্ষুদ্ৰ চাহ বাগিচাই প্ৰাণ পাই উঠিছে।