খেৰণিঃ ৰাজ্যত মদৰ পাছত এইবাৰ মাংস সেৱন কৰি ২৪ জনকৈ লোক অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি হৈছে পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত। পশ্চিম কাৰ্বি আংলঙৰ খেৰণি থানা অন্তৰ্গত জেংখাৰ ৰংপি গাঁওত কাৰ্বি চড়ক পূজাৰ মাংস খোৱাৰ পাছতেই সংঘটিত হৈছে এই ঘটনা।
জানিব পৰা মতে দুদিনীয়া কাৰ্যসূচীৰে জেংখাৰ ৰংপি গাঁওত আয়োজন কৰা কাৰ্বি পৰম্পৰাগত চড়ক পূজাত অংশ লৈছিল গাঁওখনৰ প্ৰায় শতাধিক লোকে। কিন্তু পূজাৰ দ্বিতীয় দিনত ৰন্ধা মাংস খোৱাৰ পাছৰে পৰা পুৰুষ-মহিলাকে ধৰি ইজনৰ পিছত সিজনকৈ ২৪ জনকৈ লোক অসুস্থ হৈ পৰে গাঁওখনত।