ডিব্ৰুগড়ঃ ৰাজ্যখনৰ ভেন্সাৰ স্কুলসমূহৰ শ শ শিক্ষকে একালৰ জাতীয়তাবাদী নেতা সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন বিজেপিক ভোট প্ৰদান কৰিছিল৷ অসমৰ ভিন্ন প্ৰান্তৰ এইসকল শিক্ষকে দিনৰ দিনটো আনৰ সন্তানক পঢ়াই-শুনাই ডাঙৰ মানুহ কৰে যদিও নিজৰ সন্তানক এসাঁজ খাই এসাঁজ লঘোনে ৰাখিব লগা হয়৷
এইসকল শিক্ষকৰ সন্তানে শিক্ষা আধাতে সাং কৰিব লগা হয়৷ উজনি, মধ্য আৰু নামনি অসমৰ ভেন্সাৰ স্কুলৰ শিক্ষকৰ দুখ-দুৰ্দশা, দুৰ্গতি, আলৈ-বিলৈ কুলাই-পাচিয়ে নধৰা হৈছে৷ দিনৰ দিনটো শিক্ষাদানৰ নামত ব্যস্ত থাকি জীৱন যৌৱন সকলো শেষ কৰা হাজাৰ-হাজাৰ শিক্ষকে এতিয়া হাহাকাৰ কৰিব লগা হৈছে৷