Home সংস্কৃতিৰমকে জমকে আকৌ আহিল হেঁপাহৰ ৰঙালী

ৰমকে জমকে আকৌ আহিল হেঁপাহৰ ৰঙালী

by News Desk
77 views
A+A-
Reset

নগাঁওঃ শনিবাৰে ৰঙালীৰ উৰুকা আৰু কাইলৈ বিহু৷ ডেকা-গাভৰুৰ নাচোনৰ গিৰিপনিত গৃহস্থৰ চোতাল কঁপনি উঠাৰ সময়৷ ঢোলৰ শব্দত গা সাতখন-আঠখন কৰা উৰুকাৰ দিনটোৰ ব্যস্ততাৰ আমেজ কিন্তু গঞাৰাইজৰ বাবে সুকীয়া৷ তৰালী পঘা, মাখিয়তি, দীঘলতীৰ লগতে গৰু বিহুৰ দিনা গৰু নোওৱাৰ হেতু প্ৰয়োজনীয় সামগ্ৰী সংগ্ৰহ কৰোতেই পাৰ হয় উৰুকাৰ দিনটো৷ কাৰণ উৰুকাৰ পিছৰ দিনটোতেই পুৱা সকলোয়ে মিলিজুলি প্ৰথমেই নোৱাব-ধোৱাব গোহালীৰ গৰু৷

লাও, বেঙেনা, কেৰেলা খুৱাই বৰ গৰু হ’বলৈ দমৰা-দামুৰীক আদৰ-সাদৰ কৰি মেলি দিব বাৰিষাৰ বৰষুণত গজালি মেলা ঘাঁহনি পথাৰত৷ কিন্তু কৌতিকলীয়া এই গৰু বিহুৰ পৰম্পৰা পালন কৰিবলৈ যাঁওতে থমকি ৰ’বলগীয়া হৈছে নগাঁৱৰ গঞাৰাইজ৷ কিয়নো প্ৰকৃতিয়ে মাধমাৰ শুধোৱা নগাঁৱৰ গ্ৰামাঞ্চলবোৰত এইবাৰ পাবলৈ কঠিন হৈছে গৰুবিহুৰ আনুষংগিক উপাদান মাখিয়তি আৰু দীঘলতী৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0