112
গুৱাহাটীঃ ৰঙালীৰ বিহুৰ প্ৰাকক্ষণত যুৱ সাংবাদিক মঞ্চ, অসমে শনিবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাবৰ বাকৰিত দিনযোৰা কাৰ্যসূচীৰে আয়োজন কৰে ‘মন ব’হাগী’ শীৰ্ষক এক বিশেষ অনুষ্ঠান।
মঞ্চই প্ৰথমবাৰৰ বাবে আয়োজন কৰা এই বিশেষ অনুষ্ঠানৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে বিশিষ্ট ক্ৰীড়া সংগঠক বিষ্ণু ৰাম মুনিচাই। পতাকা উত্তোলন কৰি নুনিচাই মঞ্চৰ এই প্ৰদক্ষেপক প্ৰশংসা কৰে। লগতে কয় এনে অনুষ্ঠানে সমাজত ভাতৃত্ববোধ সৃষ্টি কৰে।