55
চামগুৰিঃ আৰম্ভ হ’ল হেপাঁহৰ ৰঙালী বিহু। সোমবাৰে আছিল মানুহ বিহু। মানুহ বিহুৰ পৰম্পৰা ৰক্ষা কৰি নগাঁৱৰ পুৰণিগুদামৰ হালোৱাগাঁৱত পুৱাই অঞ্চলটোৰ বিশিষ্ট শিল্পী ৰাজু শইকীয়াৰ নেতৃত্বত উদ্ধোধন হয় বাটৰ বিহু।
ইয়াৰ পাছতেই পুৰণিগুদামৰ চলচলী জলাহত অনুষ্ঠিত হয় বাটৰ বিহু। হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ এনাজৰীৰে বান্ধ খাই চলচলী জলাহতো পুৱাৰ ভাগতে উলাই আহিল ৰাইজ। হিন্দু-মুছলমান উভয়ে উপভোগ কৰিলে বাটৰ বিহু।