বিলাসীপাৰাঃ বিজনীৰ ৰজাদিনীয়া ৰাজত্ব কালৰ ইতিহাস বিজড়িত বিলাসীপাৰা চহৰৰ ভৈৰৱগঞ্জ ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত পহিলা বহাগত ঢোল পেপাঁ গগনা আৰু বিহু হুঁচৰিৰে যাপতি সাহোন ৰঙালী বিহুটি পালন কৰা হয়। তদুপলক্ষে সিদিনা পুৱা ফুলাম গামোচাৰ পতাকা উত্তোলন কৰে ২৭ নং পূব বিলাসীপাৰা সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহীয়ে।
অসমৰ জাতীয় জীৱনৰ হকে জীৱন বলিদান দিয়া শ্বহীদ সকলক স্মৰণ কৰি স্মৃতি তৰ্পন কৰে উদযাপন সমিতিৰ সভাপতি অলকেশ ৰঞ্জন দাসে। তাত বিহু সম্পৰ্কীয় এখন আলোচনা চক্ৰত মুখ্য অতিথি হৃদয়নন্দ দাস, ভৈৰৱগঞ্জ ৰঙালী বিহুৰ প্ৰতিষ্ঠাপকৰ শাৰীত থকা জ্যেষ্ঠ নাগৰিক জগদানন্দ বৰকলিতা প্ৰদূষণ সংগঠনৰ মুৰব্বী দেৱব্ৰত দাস সমন্বিতে বিলাসীপাৰা ৰয়েল একাডেমীৰ অধ্যক্ষই ভৌৰৱগঞ্জ বিহুৰ পৰম্পৰাৰ সন্দৰ্ভত আলোচনা কৰে।