জাজৰিঃ ভাষা-সাহিত্য-সংস্কৃতি চৰ্চা আৰু অনুশীলনৰ অনুষ্ঠান অৰুণোদয় সাহিত্য চ’ৰাৰ এপ্ৰিল মাহৰ সাহিত্য বৈঠকখনি যোৱা ২১ এপ্ৰিলত নগাঁৱৰ লক্ষীনগৰস্থিত হোমিওপেথিক মহাবিদ্যালয় প্ৰেক্ষাগৃহত দিনৰ দুই বজাৰপৰা অনুষ্ঠিত হয়।
চ’ৰাৰ সভাপতি ভৱেশ মেধিৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকৰ উদ্দেশ্য ব্যাখ্যা কৰে সহ-সম্পাদিকা স্মৃতা কলিতাই। বিজন পাটৰ, ৰাহুল দেৱ বৰদলৈ, দীপজ্যোতি বৰা, ৰঞ্জনা বৰা, দেৱযানী পাঠক শৰ্মা, বিচিত্র নাৰায়ন বৰা, ৰাতুল শৰ্মা, দীপ্তি বৰাকে ধৰি ডেৰকুৰি কবিৰ স্ব-ৰচিত কবিতা পাঠেৰে ব’হাগৰ আবেলিটো মধুৰ কৰি তোলে।