দিগন্ত বৰ্মণ, বৰনদ্দীঃ নলবাৰী আগশাৰীৰ মহেন্দ্ৰ নাৰায়ণ বালিকা মহাবিদ্যালয়ত শনিবাৰে বিশিষ্ট ওড়িয়া কবি সৌভাগ্য কুমাৰ মিশ্ৰৰ কেন্দ্ৰীয় সাহিত্য অকাডেমি পুৰস্কাৰপ্ৰাপ্ত “দ্বা সুপৰ্ণা” নামৰ কবিতা পুথিখনৰ অসমীয়া অনুদিত গ্ৰন্থ আৰু “ওড়িআ সাহিত্য সংস্কৃতিৰ আভাষ” নামৰ আন এখন গ্ৰন্থ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়৷
বিশিষ্ট লেখিকা তথা অসম ভেলী একাডেমী জুনিয়ৰ কলেজ, নলবাৰীৰ অধ্যক্ষা বৰ্ণালী শৰ্মা গৌড় আৰু নলবাৰীৰ মহেন্দ্ৰ নাৰায়ন চৌধুৰী বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ, বিশিষ্ট লেখক ড° কৃষ্ণ চন্দ্ৰ গৌড়ে অনুবাদ কৰা গ্ৰন্থ “দ্বা সুপৰ্না” আনুষ্ঠানিকভাৱে উন্মোচন কৰি বিশিষ্ট সাহিত্যিক, ঔপন্যাসিক নিৰুপমা বৰগোহাঞিয়ে ভাষণ প্ৰসংগত ওড়িয়া সাহিত্য জগতৰ লগত আত্মিক সম্পৰ্ক থকা বুলি উল্লেখ কৰি গ্ৰন্থখনে অসমৰ মানুহক ওড়িয়া সমাজখনক বুজাত সহায় কৰিব বুলি উল্লেখ কৰে।