জয়ন্ত মুদৈ, নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ ২ নং বৰজহা কমলাবাৰী শাখা সত্ৰৰ ৰাইজৰ উদ্যোগত যোৱা ২৬ এপ্ৰিলৰপৰা অনুষ্ঠিত হোৱা অখণ্ড ভাগৱত পাঠ আৰু ব্যাখ্যাৰ দেওবাৰে সামৰণি পৰে।
তদুপলক্ষে নাম-কীৰ্তন আৰু প্ৰসাদ বিতৰণৰ পাছতে বুঢ়া ভকত তথা বিশিষ্ট বৈষ্ণৱ পণ্ডিত সোনাৰাম শৰ্মাই আঁত ধৰা সামৰণি অনুষ্ঠানত ৫২ বছৰ ধৰি সত্ৰাধিকাৰ পদত অধিষ্ঠিত হৈ গুৰু সেৱাত ব্ৰতী যোৰহাট জিলাৰ তিতাবৰৰ মহিমাবাৰী কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ ভৱকান্ত দেৱগোস্বামীক প্ৰশস্তি-পত্ৰ, শৰাই, চেলেং আৰু গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।