লিডুঃ লিডুত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কেন্দ্ৰীয় সমন্বয় ৰঙালী বিহু মেলাখন উদযাপনৰ প্ৰস্তুতি চলিছে৷ অহা ইং ১৪ আৰু ১৫ মে’ত লিডু বজাৰ উচ্চমাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’ব ১৬ সংখ্যক কেন্দ্ৰীয় সমন্বয় ৰঙালী বিহুমেলা৷
বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া বিহুমেলাখনৰ প্ৰথম দিনা পুৱা ৯ বজাত পতাকা উত্তোলন, ৯.৩০ বজাত স্মৃতি তৰ্পন আৰু ১০ বজাত অনুস্থিত হ’ব বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা৷ সাংস্কৃতিক শোভাযাত্ৰাত মুখ্য আকৰ্ষণ ৰূপে উপস্থিত থাকিব বেহাৰবাৰী আউটপোষ্টৰ মোহময়ী অভিনেত্ৰী “সুস্মিতা” পাৰবিন চুলতানা৷