109
নলবাৰীঃ অসম সাহিত্য সভাৰ স্বৰ্ণ শাখা বৰভাগ শাখা সাহিত্য সভাৰ বিশেষ বাৰ্ষিক অধিৱেশনখন দেওবাৰে বৰভাগ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়।
উক্ত অনুষ্ঠানতে বিশিষ্ট শিক্ষাবিদ তথা দমদমা কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বৰভাগৰ সু-সন্তান কৰেন্দ্ৰ চন্দ্ৰ তালুকদাৰৰ অভিনন্দন গ্ৰন্থ উন্মোচনৰ লগতে ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। শাখা সাহিত্য সভাৰ তৰফৰপৰা তালুকদাৰক এখন সম্বৰ্ধনা পত্ৰ, শৰাই ফুলাম জাপি, গামোচা, কিতাপৰ টোপোলা আগবঢ়োৱা হয়।