কোকৰাঝাৰঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শতকৰা উত্তীৰ্ণৰ হাৰ কোনটো বৰ্ষত কিমান হ’ব সেয়া দৰাচলতে উত্তৰ বহীৰ মূল্যায়নৰ ভিত্তিত নহয়, শিক্ষামন্ত্ৰী আৰু চৰকাৰেহে নিৰ্ধাৰণ কৰি আহিছে বুলি সদনত শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বক্তব্য প্ৰদান কৰাৰ পিছতেই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইয়াৰ মাজতে আজি সংবাদ মেলযোগে এনে কাণ্ডৰ বাবে শিক্ষামন্ত্ৰীগৰাকীকে দায়ী বুলি মন্তব্য কৰিছে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৱে। ছাত্ৰ সংগঠনটোৰ সহঃ সাধাৰণ সম্পাদক খৌৰৌমদাও ওৱাৰীয়ে শিক্ষামন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ যোগ্যতা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি কয় যে উক্ত অভিযোগ যদি সত্য হয় তেনেহ’লে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ বাবে দায়ী।
আজি কোকৰাঝাৰৰ বাগানশালীস্থিত এবছুৰ কেন্দ্ৰীয় কাৰ্যালয় বডোফা হাউছত আয়োজিত হোৱা এক সংবাদমেলত এবছুৰ সহ সাধাৰণ সম্পাদক খৌৰৌমদাও ওৱাৰীয়ে উক্ত মন্তব্য প্ৰকাশ কৰি চৰকাৰৰ গুণগত শিক্ষাৰ শ্লোগান প্ৰকৃততে যে ভূৱা সেয়া স্পষ্ট হৈ পৰিছে। প্ৰকৃততে চৰকাৰ শিক্ষাৰ দৰে মৌলিক অধিকাৰ খৰ্ব কৰাৰ দোষত দোষী বুলি মন্তব্যৰে খৌৰৌমদাও ওৱাৰীয়ে চৰকাৰে মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমুহক ধ্বংস কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি মন্তব্য কৰিছে।