ওদালগুৰিঃ বুধবাৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ উৎসৱ ঈদ-উল-ফিটৰ। এমাহজোৰা ৰোজাৰ অন্তত আপোনজন তথা বিশ্বশান্তি কামনাৰে আজি পুৱাতেই মছজিদ সমূহত পৱিত্ৰ ঈদৰ নামাজ আদায় কৰিলে ইছলাম ধৰ্মাৱলম্বী লোকসকলে।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰিৰ বিভিন্ন মছজিদ সমূহতো আজি পুৱাতেই দেখা গ’ল উখল মাখল পৰিৱেশ। ওদালগুৰি সদৰস্থিত টাউন জামে মছজিদতো জিলাখনৰ বিভিন্ন প্ৰান্তৰপৰা অহা লোকসকলে কেন্দ্ৰীয়ভাৱে ঈদৰ নামাজ আদায় কৰে। একেদৰে ওদালগুৰি জিলাখনৰ বিভিন্ন প্ৰান্তত অৱস্থিত মছজিদসমূহতো পুৱাই ঈদৰ নামাজত অংশগ্ৰহণ কৰে সহস্ৰজনে।