44
লক্ষ্নৌঃ অলপতে সংঘটিত হৈ যোৱা উত্তৰ প্ৰদেশৰ অলিগড়ৰ ঘটনাই সকলোতে জোকাৰি যায়৷ প্ৰায় আঢ়ৈ বছৰীয়া কনমানি শিশুটিৰ হত্যা কৰাই ঘটনাই দেশত এতিয়া খলকনিৰ সৃষ্টি কৰিছে।
সাধাৰণ মানুহৰপৰা অভিনয়জগত, তথা ৰাজনীতিৰ লোকেও এই ঘটনাক নিন্দা কৰিছে৷ হত্যা কাণ্ডৰ লগত জড়িত থকা দুজনক ক্ৰমে মহম্মদ জাহিদ আৰু মহম্মদ অচলমক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ এই ঘটনাৰ তদন্তৰ বাবে এছএছপিয়ে এগৰাকী মহিলাৰ লগতে ছজনীয়া বিষয়াৰ দল গঠন কৰে৷