নতুন দিল্লীঃ কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীৰ আজি ৪৯ সংখ্যক জন্মদিন। ওপজা দিনত ৰাহুল গান্ধীক শুভেচ্ছা জনালে কংগ্ৰেছৰ নেতা–কৰ্মীসকলে। কংগ্ৰেছে নিজৰ টুইটাৰত এটা ভিডিঅ’ শ্বেয়াৰ কৰি ৰাহুল গান্ধীক ওপজা দিনৰ ওলগ জনায়। এই ভিডিঅ’টোত ৰাহুল গান্ধীৰ কিছু স্মৰণীয় মুহূৰ্ত অন্তৰ্ভুক্ত কৰা হৈছে। লগতে ৰাহুল গান্ধীৰ ৫টা কথা হাইলাইট কৰা হৈছে ভিডিঅ’টোত।
ইফালে কংগ্ৰেছ সদস্যসকলে ৰাহুল গান্ধীৰ বাসভৱনৰ সন্মুখত পূজা কৰাও দেখা গৈছে। দলৰ মুখ্য কাৰ্যালয়ত ৰাহুল গান্ধীয়ে সাংবাদিকসকলক লাড্ডু বিতৰণ কৰে।