84
তামোলপুৰঃ তামুলপুৰৰ অময়াপুৰ-পশ্চিম কালাকুছি যুব মঞ্চৰ সৌজন্যত নৱম বাৰ্ষিক ব’হাগ বিহু উদযাপনৰ যোজা চলাই থকা হৈছে। এদিনীয়া কাৰ্যসূচীৰে ১৩ মেত অসম তথা অসমীয়াৰ জনজীৱনৰ আঁহে আহে চিৰ প্ৰবাহমান আঁপাহৰ ব’হাগ বিহুটো উদযাপন কৰিব অময়াপুৰ-পশ্চিম কালাকুছি যুৱ মঞ্চই।
বিহুৰ এই কাৰ্যসূচীৰ বাবে অময়াপুৰ গাঁৱৰ গোবিন্দ দাস, সভাপতি আৰু পশ্চিম কালাকুছি গাঁৱৰ উৎপল তালুকদাৰক সম্পাদক হিচাপে লৈ এখন উদযাপন সমিতি গঠন কৰা হৈছে।