কোকৰাঝাৰঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শতকৰা উত্তীৰ্ণৰ হাৰ কোনটো বৰ্ষত কিমান হ’ব সেয়া দৰাচলতে উত্তৰ বহী মূল্যায়নৰ ভিত্তিত নহয় বৰং সেয়া শিক্ষামন্ত্ৰী আৰু চৰকাৰেহে নিৰ্ধাৰণ কৰি আহিছে বুলি শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদনত কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে।
এই সন্দৰ্ভত আজি প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ উৰ্খাও গৌৰা ব্ৰহ্মই। প্ৰাক্তন সাংসদগৰাকীয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যক অভিসন্ধিমূলক আৰু অপযশমূলক আখ্যা দিয়ে।