গোৰেশ্বৰঃ বাগসা জিলাৰ গোৰেশ্বৰ থানাৰ অন্তৰ্গত সোনজুৰি চ’কত বিগত কিছুদিন ধৰি বৃদ্ধি পাইছে চোৰৰ দৌৰাত্ম্য। চ’কটোত অৱস্থিত কেবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানত যোৱা সপ্তাহত চোৰে কম বেছি পৰিমাণৰ নগদ ধন আৰু সামগ্ৰী চুৰি কৰি নিয়াৰ তথ্য পোহৰলৈ আহিছে।
চ’কটোত থকা ললিত ডেকাৰ ৰাইচ মিল, আজাদ আলীৰ পান তামোলৰ দোকান, দ্বীপেন ডেকাৰ তৃপ্তি কেবিনত যোৱা দুটা সপ্তাহৰ ভিতৰত চুৰি কাৰ্য সংঘটিত হৈ যায়। চ’কটোত গোৰেশ্বৰৰ চিআৰপিএফ কেম্পটোও অৱস্থিত হোৱাৰ পিছতো এনেদৰে সঘনাই চুৰি হৈ থকা কাৰ্য ব্যাৱসায়ীসকলৰ মাজত চৰ্চাৰ বিষয় হৈ পৰিছে।