67
হোজাইঃ যমুনামুখৰ ভেদৌআটিত সংঘটিত হৈছে এক গুলীয়াগুলিৰ ঘটনা৷ আজি সন্ধিয়া হোজাই জিলাৰ যমুনামুখ আৰক্ষী থানাৰ অন্তৰ্গত ভেদৌআটিত সংঘটিত হয় এই ঘটনা৷
ঘটনাৰ বিৱৰণী মতে, আজি সন্ধিয়া সাত মান বজাত দুখন বাইকেৰে অহা চাৰিজনীয়া দুৰ্বৃত্তৰ এটা দলে গাওঁখনৰ বাসিন্দা আব্দুল আহাদৰ ঘৰত প্ৰৱেশ কৰি লোকজনলৈ লক্ষ্য কৰি চাৰি জাই গুলী বৰ্ষণ কৰে। ইয়াৰ পিছতে দুৰ্বৃত্তৰ দলটোৱে ঘটনাস্থলীৰ পৰা ততালিকে পলায়ন কৰে ৷