গোৰেশ্বৰঃ ৫৭ নং ৰঙিয়া বিধানসভা সমষ্টিৰ বিধায়ক ভবেশ কলিতাৰ উদ্যোগত আৰু গোৰেশ্বৰ মণ্ডল বিজেপিৰ সহযোগত অহা ১৪ মে’ ৰবিবাৰে গোৰেশ্বৰত এক সাংস্কৃতিক সমাৰোহৰ আয়োজন কৰা হৈছে। বেতনা ৰাজহুৱা দুৰ্গা মন্দিৰ প্ৰাংগনত অনুষ্ঠিত হ’বলগীয়া সমাৰোহৰ দিনা পুৱা ৯ বজাত বন্তি প্ৰজ্বলনৰে কাৰ্যসূচী আৰম্ভ হ’ব।
বন্তি প্ৰজ্বলন কৰিব বিজেপি জেষ্ঠ্য কৰ্মী দধি কেঁওটে। ১০ বজাত বন্দে মাতৰম পৰিৱেশনৰ আঁত ধৰিব হৰেন্দ্ৰ নাথ শৰ্মাই। ১০.৩০ বজাত পতাকা উত্তোলন কৰিব বিধায়ক ভবেশ কলিতা আৰু জেষ্ঠ অৱসৰ প্ৰাপ্ত শিক্ষক অমিন্দ্ৰ নাথে। ১১ বজাত স্মৃতি তৰ্পণ কৰিব বিজেপিৰ গোৰেশ্বৰ মণ্ডলৰ জেষ্ঠ কৰ্মী অৰবিন্দ বৰাই।