গুৱাহাটীঃ বাৰ্ড ফ্লু বিয়পি পৰাৰ পৰিপ্ৰেক্ষিতত চীনৰ দক্ষিণ প্ৰান্তৰ প্ৰদেশ হুনানৰ শ্বাওয়াং চহৰত ১৮,০০০ৰো অধিক কুকুৰা নিধন কৰিছে চীনা প্ৰশাসনে। উক্ত বাতৰিৰ আলম লৈ এতিয়া ছ’চিয়েল মিডিয়াত কৰ’না ভাইৰাছ সন্দৰ্ভত বিয়পি পৰিছে একাধিক খবৰ। কেৱল ছ’চিয়েল মিডিয়াই নহয়, বহু সংখ্যাক সংবাদ প্ৰতিষ্ঠানেও প্ৰকাশ কৰা দেখা গৈছে এনেধৰণৰ বাতৰি।
হিন্দীৰ লগতে শেহতীয়াকৈ অসমীয়া ভাষাতো অসমৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলৰ মাজত বিয়পিছে এনে খবৰ। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এনে এটা খবৰত দাবী কৰা হৈছে যে ব্ৰইলাৰৰ মাংসৰ পৰাও কৰ’না ভাইৰাছ বিয়পাৰ সম্ভাৱনা আছে। সতৰ্কবাণী হিচাপে প্ৰচাৰ হোৱা উক্ত খবৰটোত সেয়ে কৰ’না ভাইৰাছৰ পৰা হাত সাৰি থাকিবলৈ ব্ৰইলাৰ মাংস খোৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱা হৈছে।