নতুন দিল্লীঃ দিল্লীত পুনৰ আম আদমী পাৰ্টীয়ে চৰকাৰ গঠন কৰাতো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে। দিনৰ ১১ বজালৈকে বিজেপিয়ে ২০টাতকৈও অধিক সমষ্টিত আপক প্ৰত্যাহ্বান জনাবলৈ সমৰ্থ হৈছিল যদিও সময় যোৱাৰ লগে লগে পুনৰ আধিপত্য বিস্তাৰ কৰে আপে। এই বাতৰি যুগুতোৱা পৰ্যন্ত অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আপ আগবাঢ়ি আছে ৫৭খন আসনত।
এনেদৰে এতিয়া দেশৰ অন্যতম শক্তিশালী ৰাজনৈতিক যুটি হিচাপে পৰিগণিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহ মন্ত্ৰী অমিত শ্বাহ যুটিক অনায়াসে পিছপেলাই তৃতীয়বাৰৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱাৰ দিশে অগ্ৰসৰ হৈছে কেজৰিৱাল। ইয়াকে ভিত্তি হিচাপে লৈ এতিয়া আম আদমী পাৰ্টীয়ে পুনৰ সপোন দেখিছে ৰাষ্ট্ৰীয় ৰাজনীতিত প্ৰভাৱ বিস্তাৰৰ। মঙলবাৰে ইয়াৰ এক ইংগিত পোৱা গ’ল আপৰ কাৰ্যালয়ৰ সমুখত উপস্থিত হোৱা এজন সমৰ্থকৰ পোষ্টাৰত।